বিশেষ প্ৰতিনিধি, নগাঁও:
নগাঁও লোকসভা সমষ্টিত নিখিল ভাৰত সংযুক্ত গণতান্ত্ৰিক মৰ্চা অৰ্থাৎ এ-আই-ইউ-ডি-এফ (AIUDF) দলৰ প্ৰাৰ্থীত্বক কেন্দ্ৰ কৰি কোনো ধৰণৰ ভিতৰচ’ৰাৰ কন্দল বা বিসম্বাদ নাই বুলি আজি দলীয় নেতৃত্ব আৰু সমৰ্থকসকলে এক প্ৰেছ বিবৃতিৰ জৰিয়তে স্পষ্ট কৰি দিছে। দলটোৱে অভিযোগ কৰিছে যে নিৰ্বাচন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত একাংশ বিৰোধী ৰাজনৈতিক দলে নিজৰ পৰাজয় নিশ্চিত দেখি AIUDF দলৰ একতা বিনষ্ট কৰিবলৈ ষড়যন্ত্ৰমূলকভাৱে উৰাবাতৰি আৰু অপপ্ৰচাৰ চলাইছে। নগাঁৱৰ সচেতন ভোটাৰ ৰাইজক এনে কোনো অপপ্ৰচাৰত ভোল নাযাবলৈ সজোৰে আহ্বান জনোৱা হৈছে।।

ৰেজাউল কৰিম চৰকাৰৰ অৱদান আৰু ভৱিষ্যতৰ পৰিকল্পনা:
দলটোৱে উল্লেখ কৰা মতে, নগাঁও লোকসভা সমষ্টিৰ বাবে প্ৰাক্তন আমছু (AAMSU) সভাপতি ৰেজাউল কৰিম চৰকাৰক দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছৰে পৰা সমগ্ৰ সমষ্টিটোতে দলৰ কৰ্মী আৰু ৰাইজৰ মাজত এক অভূতপূৰ্ব গণজোৱাৰ দেখিবলৈ পোৱা গৈছে। দীৰ্ঘদিন ধৰি আমছুৰ মজিয়াৰ পৰা শোষিত, বঞ্চিত আৰু পিছপৰা minority জনগোষ্ঠীৰ শৈক্ষিক, সাংবিধানিক আৰু সামাজিক অধিকাৰৰ বাবে সংগ্ৰাম কৰি অহা ৰেজাউল কৰিম চৰকাৰে নিৰ্বাচনত জয়ী হৈ সংসদৰ মজিয়াত ৰাইজৰ প্ৰকৃত কণ্ঠস্বৰ হৈ ধৰা দিব। চৰ-চাপৰি আৰু গ্ৰামাঞ্চলত শিক্ষাৰ সম্প্ৰসাৰণ, ডি-ভোটাৰ আৰু নাগৰিকত্ব কেন্দ্ৰিক হাৰাশাস্তিৰ স্থায়ী আইনী সমাধান আৰু বান-খহনীয়াগ্ৰস্ত ভূমিহীন লোকসকলৰ স্থায়ী সংস্থাপন নিশ্চিত কৰাই তেওঁৰ মূল লক্ষ্য। এজন সুদক্ষ, নিৰ্ভীক আৰু মাটিৰ মানুহক প্ৰাৰ্থী হিচাপে লাভ কৰি নগাঁৱৰ সাধাৰণ ভোটাৰ ৰাইজ উৎফুল্লিত হৈ পৰাৰ বিপৰীতে এতিয়া বিৰোধী কংগ্ৰেছ আৰু বিজেপি দল ভয়ত কঁপিবলৈ আৰম্ভ কৰিছে আৰু নিজৰ পৰাজয় নিশ্চিত দেখি ভুৱা কাহিনী ৰচনা কৰিছে।

শংকৰ-মাধৱ-আজানৰ দেশত জুবিন গাৰ্গৰ আদৰ্শৰে সম-উন্নয়নৰ সংকল্প:
বিবৃতিটোত আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে কোৱা হৈছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু হজৰত আজান ফকীৰৰ যুগমীয়া সমন্বয় আৰু সম্প্ৰীতিৰ পবিত্ৰ ভূমি অসমত সাম্প্ৰদায়িক বা মেৰুকৰণৰ ৰাজনীতিৰ কোনো স্থান নাই। বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত ধৰ্ম আৰু জাতিৰ নামত বিভাজন অনাৰ সলনি ড° ভূপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ আৰু অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সেই ঐতিহাসিক বাৰ্তা— "মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই এজন মানুহ"— আদৰ্শক সাৰথি কৰি আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সমগ্ৰ অসম তথা নগাঁৱৰ প্ৰতিগৰাকী নাগৰিকৰে সম-উন্নয়ন নিশ্চিত কৰাই হৈছে AIUDF দলৰ মূল লক্ষ্য। নগাঁৱৰ ধৰ্মনিৰপেক্ষ প্ৰমূল্য ৰক্ষা কৰিবলৈ আৰু সমন্বয়ৰ এক নতুন অসম গঢ়ি তুলিবলৈ এই নিৰ্বাচনত সকলোকে একগোট হৈ AIUDF দলৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৰকাৰক বিপুল ভোটত জয়যুক্ত কৰিবলৈ দলীয় নেতৃত্বই সজোৰে আহ্বান জনায়।

0 Comments