ঢেকীয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ 'ইছলামিক লিটাৰেৰী চছাইটি'ৰ ১৯তম বাৰ্ষিক সাধাৰণ সভা সম্পন্ন: শক্তিশালী নতুন সমিতি গঠন

 ঢেকীয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ 'ইছলামিক লিটাৰেৰী চছাইটি'ৰ ১৯তম বাৰ্ষিক সাধাৰণ সভা সম্পন্ন: শক্তিশালী নতুন সমিতি গঠন   

বিশেষ বাৰ্তা, ঢেকীয়াজুলি, ২৩ আগষ্ট: ঢেকীয়াজুলিৰ অন্যতম অগ্রণী শিক্ষানুষ্ঠান লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ এক ঐতিহ্যবাহী তথা সক্ৰিয় শৈক্ষিক-সামাজিক মঞ্চ ‘ইছলামিক লিটাৰেৰী চছাইটি’ (Islamic Literary Society)-ৰ ১৯তম বাৰ্ষিক সাধাৰণ সভাখনি যোৱা ২২ আগষ্টত মহাবিদ্যালয় প্রাঙ্গণত অত্যন্ত সাফল্যমণ্ডিতভাৱে সম্পন্ন হৈ যায়। চছাইটিৰ ২০২৫-২০২৬ বৰ্ষৰ সভাপতি ফৰিদ আহমেদ আৰু সাধাৰণ সম্পাদক আবুবক্কৰ ছিদ্দিকৰ আহ্বানত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাখনত ২০০৮ চনৰে পৰা বৰ্তমানলৈকে চছাইটিয়ে কৰি অহা বিভিন্ন কাৰ্যসূচীৰ পৰ্যালোচনা কৰা হয়। উল্লেখ্য যে ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ মাজত সমন্বয়ৰ সেতু গঢ়া, শৈক্ষিক পৰিৱেশ অটুট ৰখা, শ্ৰেণীত শিক্ষাৰ্থীৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰা, প্ৰাপ্য শিক্ষা লাভৰ অধিকাৰ সুগম কৰা আৰু শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা চলোৱাৰ মূল উদ্দেশ্যৰে চছাইটিখন প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰোপৰি, বাৰ্ষিক আলোচনীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ ক্ষেত্ৰতো এই চছাইটিয়ে দীৰ্ঘদিনৰে পৰা কাম কৰি আহিছে। 
সভাৰ সৰ্বসন্মত অনুৰোধ মৰ্মে চছাইটিৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত তথা প্ৰাক্তন দুবাৰৰ সভাপতি চামচুল হকৰ পৌৰোহিত্যত উক্ত বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত হয়। তেখেতৰ লগতে সভাখনত চছাইটিৰ কেইবাগৰাকীও প্ৰাক্তন সভাপতি ক্ৰমে জহিৰুল ইছলাম, ৰাজিকুল ইছলাম, বিল্লাল হুছেইন আৰু চছাইটিৰ কেইবাগৰাকীও প্ৰ প্রাক্তন বিষয়ববীয়া উপস্থিত থাকে। সভাত উপস্থিত প্ৰ প্রাক্তন সভাপতি তথা বিষয়ববীয়াসকলে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি প্ৰেৰণাদায়ক বক্তব্য প্ৰদান কৰে আৰু চছাইটিৰ সৈতে থকা অতীতৰ মধুৰ স্মৃতিসমূহ ৰোমন্থন কৰে। 
সভাত মহাবিদ্যালয়খনৰ সামগ্ৰিক শৈক্ষিক উত্তৰণৰ দিশসমূহ খৰচি মাৰি আলোচনা কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ উদ্দেশ্যে এক গঠনমূলক সিদ্ধান্ত গ্ৰহণ কৰা হয়। অনাগত দিনবোৰত এই কাৰ্যপন্থা অধিক সক্ৰিয় আৰু শক্তিশালী ৰূপত আগুৱাই নিয়াৰ লক্ষ্যৰে সকলোৰে সহমতত এটি শক্তিশালী পূৰ্ণাংগ নতুন সমিতি গঠন কৰি দিয়া হয়। নৱ-গঠিত এই সমিতিখনৰ সভাপতি হিচাপে চাহিল চৌধুৰী, সাধাৰণ সম্পাদক দ্বয় পাৰুল আমিন আহমেদ আৰু মমতা খাতুন, মুখ্য সাংগঠনিক সম্পাদিকা জেৰিফা খাতুনকে ধৰি মুঠ ২১ জনীয়া সদস্যৰে সমিতিখন গঠন কৰা হয় বুলি জানিবলৈ দিয়ে।  
সভাপতিত্বৰ আসনৰ পৰা চামচুল হকে আশা প্ৰকাশ কৰে যে এই নৱ-গঠিত সমিতিখনে নিজৰ দক্ষতা আৰু সততাৰে চছাইটিখনৰ লগতে মহাবিদ্যালয়ৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ’ব। লগতে তেখেতে নতুন সমিতিৰ প্ৰতিগৰাকী কৰ্মকৰ্তালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। বহুসংখ্যক ন-পুৰণি ছাত্ৰ-ছাত্ৰী তথা শুভাকাংক্ষীৰ উপস্থিতিয়ে সভাখনৰ সৌষ্ঠৱ দুগুণে বৃদ্ধি কৰে।








0 Comments