চামগুৰিত নিশা হিন্দু যুৱতীৰ ঘৰত সোমাবলৈ চেষ্টা: ৰাইজৰ হাতত ধৰা পৰি ৰঙাঘৰৰ আলহী ছাজিদ আহমেদ

 চামগুৰি, ২২ আগষ্ট: নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত জীয়াজুৰি অঞ্চলত নিশা এগৰাকী যুৱতীৰ ঘৰত এজন যুৱক প্ৰৱেশ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ধৃত যুৱকজনক ছাজিদ আহমেদ বুলি চিনাক্ত কৰা হৈছে। স্থানীয় একাংশ ৰাইজৰ অভিযোগ অনুসৰি, ছাজিদ আহমেদে দীৰ্ঘদিন ধৰি যুৱতীগৰাকীক প্ৰেমৰ জালত পেলোৱাৰ চেষ্টা চলাই আহিছিল। 

প্ৰাপ্ত খবৰ অনুসৰি, নিশাৰ ভাগত যুৱতীগৰাকীৰ মাতৃ অসুস্থ বুলি খবৰ লোৱাৰ চলেৰে ছাজিদ আহমেদে যুৱতীগৰাকীৰ বাসগৃহত উপস্থিত হৈছিল। কিন্তু নিশাৰ ভাগত সন্দেহজনকভাৱে যুৱকজনক যুৱতীগৰাকীৰ ঘৰত প্ৰৱেশ কৰা দেখি স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে। ইয়াৰ পিছতে স্থানীয় সচেতন ৰাইজে একগোট হৈ যুৱকজনক আটক কৰে আৰু চামগুৰি আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত ৰাইজে যুৱকজনক আৰক্ষীৰ হাতত গতাই দিয়ে।
পূৰ্বেও উত্থাপন হৈছিল অনুৰূপ অভিযোগ:
আনহাতে, এই ঘটনাৰ সৈতে জড়িত ছাজিদ আহমেদৰ পৰিয়ালৰ বিৰুদ্ধে পূৰ্বেও এনে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। অভিযোগ অনুসৰি, বিগত এপ্ৰিল মাহত মহিলাৰ শালীনতা হানি কৰাৰ এক অভিযোগত ছাজিদ আহমেদৰ পিতৃকো স্থানীয় ৰাইজে আটক কৰি চামগুৰি আৰক্ষীৰ হাতত গতাই দিছিল। বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ছাজিদ আহমেদক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

0 Comments