টীয়কত আৰক্ষীৰ বৃহৎ সাফল্য: সজীৱ গুলী আৰু অবৈধ পিষ্টলসহ গ্ৰেপ্তাৰ অমিতাভ ভূঞা
বিশেষ বাৰ্তা, টীয়ক, ২৬ আগষ্ট:
যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত কাকজান অঞ্চলত আৰক্ষীয়ে এক গোপন অভিযান চলাই বৃহৎ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। বুধবাৰে লাভ কৰা এক সুনিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীৰ এটা বিশেষ দলে কাকজান কমাৰখাটোৱাল গাঁৱত অতৰ্কিতে এক অভিযান চলায়। এই অভিযানকালতে গাঁৱখনৰ নিবাসী অমিতাভ ভূঞা নামৰ এজন যুৱকৰ জিম্মাৰ পৰা এটা অত্যাধুনিক অবৈধ পিষ্টল আৰু কেইবা ৰাউণ্ডো সজীৱ গুলী উদ্ধাৰ কৰা হয়। আৰক্ষীৰ প্ৰাথমিক তদন্তত উদ্ধাৰ হোৱা পিষ্টলটো সম্পূৰ্ণ অবৈধ বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিবৰণি অনুসৰি, অমিতাভ ভূঞা নামৰ যুৱকজনে নিজ গৃহত অবৈধ মাৰণাস্ত্ৰ লুকুৱাই ৰখাৰ খবৰ লাভ কৰিছিল টীয়ক আৰক্ষীয়ে। ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে যুৱকজনৰ ঘৰ ঘেৰাও কৰি তালাচী চলায় আৰু মাৰণাস্ত্ৰসহ গুলীখিনি জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্ত অমিতাভ ভূঞাক লগে লগে গ্ৰেপ্তাৰ কৰে।
ইফালে, শান্তিপূৰ্ণ বুলি পৰিচিত কাকজান কমাৰখাটোৱাল গাঁৱৰ মাজমজিয়াত এনেদৰে মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। যুৱকজনে কি উদ্দেশ্যৰে আৰু ক’ৰ পৰা এই অবৈধ মাৰণাস্ত্ৰসমূহ সংগ্ৰহ কৰিছিল, সেই সন্দৰ্ভত বৰ্তমানো স্পষ্ট হোৱা নাই। স্থানীয় একাংশ লোকৰ মতে, কোনো ব্যক্তিগত সংঘাত বা অপৰাধমূলক কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যেৰে এই পিষ্টলটো অনা হৈছিল। টীয়ক আৰক্ষীয়ে অস্ত্র আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি ধৃত যুৱকজনক অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে। এই ঘটনাৰ লগত কোনো আন্তঃজিলা মাৰণাস্ত্ৰ সৰবৰাহকাৰী চক্ৰ জড়িত থকাৰ সম্ভাৱনাও আৰক্ষীয়ে নুই কৰা নাই।

0 Comments