বটদ্ৰৱাত ক্ষোভৰ জুই! ১ ছেপ্টেম্বৰৰ পৰা বন্ধ শংকৰদেৱৰ জন্মস্থানৰ বিনামূলীয়া প্ৰৱেশ, এতিয়াৰে পৰা ধৰ্মীয় স্থানতো ভৰিব লাগিব পইচা!

বৰদোৱা, ২৯ আগষ্ট (TIMES24INFO): অসমীয়া জাতিৰ আৱেগ আৰু আধ্যাত্মিকতাৰ প্ৰাণকেন্দ্ৰ ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানক লৈ লোৱা চৰকাৰৰ এক চৰম সিদ্ধান্তই এতিয়া সমগ্ৰ ৰাজ্যতে তীব্ৰ উত্তেজনা আৰু ক্ষোভৰ সৃষ্টি কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বৰদোৱাৰ নৱনিৰ্মিত ‘শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ’ত এতিয়াৰে পৰা আৰু বিনামূলীয়া প্ৰৱেশৰ সুযোগ নাথাকিব। অহা ১ ছেপ্টেম্বৰৰ পৰা বলৱৎ হ’বলগীয়া এক নতুন নিয়মানুসৰি, প্ৰতিগৰাকী দৰ্শনাৰ্থীয়ে এতিয়াৰে পৰা পইচা ভৰিহে ভিতৰত প্ৰৱেশ কৰিব পাৰিব। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক লৈ সাধাৰণ ৰাইজ আৰু ভক্তপ্ৰাণ ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টি দেখা গৈছে।।
TIMES24INFO-এ লাভ কৰা বিশেষ তথ্য অনুসৰি, চৰকাৰ আৰু প্ৰশাসনৰ এক উচ্চস্তৰীয় বৈঠকত ধৰ্মীয় পৰ্যটনৰ নামত এই ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নতুন নিয়ম অনুসৰি, ১২ বছৰৰ পৰা ৭০ বছৰ বয়সৰ প্ৰতিগৰাকী লোকৰ বাবে ২৫ টকাৰ প্ৰৱেশ টিকট বাধ্যতামূলক কৰা হৈছে। অৱশ্যে, ১২ বছৰৰ তলৰ শিশু আৰু ৭০ বছৰৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলক এই মাচুলৰ পৰা ৰেহাই দিয়া হৈছে। ধৰ্মীয় স্থান এখন দৰ্শন কৰিবলৈকো সাধাৰণ জনতাই নিজৰ জেপৰ ধন ভৰিব লগা হোৱা কাৰ্যই সৰ্বত্ৰে সমালোচনাৰ সৃষ্টি কৰিছে।
প্ৰায় ২২৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই বৃহৎ সাংস্কৃতিক প্ৰকল্পটোৰ ভিতৰভাগৰ চোৱাচিতা আৰু মেৰামতিৰ খৰচ বহন কৰাৰ অজুহাততে এই প্ৰৱেশ মাচুল ধাৰ্য কৰা হৈছে বুলি প্ৰশাসনে দাবী কৰিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এই ক্ষেত্ৰখনৰ পবিত্ৰতা ৰক্ষাৰ নামত পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰাটো বাধ্যতামূলক কৰি বিতৰ্কৰ সৃষ্টি কৰা হৈছিল। প্ৰশাসনৰ এই নতুন টিকট ব্যৱস্থাক লৈ ইতিমধ্যে ভক্ত, সমাজকৰ্মী আৰু স্থানীয় ৰাইজ জঁপিয়াই পৰিছে আৰু চৰকাৰক এই হঠকাৰী সিদ্ধান্ত অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে। 

0 Comments