অশোক সিংহললৈ ‘জিলাৰ শ্ৰেষ্ঠ বিধায়ক বঁটা’, ১৯ ছেপ্টেম্বৰত শোণিতপুৰত উষ্ম আদৰণি

 ঢেকীয়াজুলিলৈ গৌৰৱৰ খবৰ: জননেতা তথা মন্ত্ৰী অশোক সিংহললৈ ‘জিলাৰ শ্ৰেষ্ঠ বিধায়ক বঁটা’, ১৯ ছেপ্টেম্বৰত শোণিতপুৰত উষ্ম আদৰণি


বিশেষ প্ৰতিবেদক, ঢেকীয়াজুলি, ২৯ আগষ্ট:   
সমগ্ৰ ঢেকীয়াজুলিবাসীৰ বাবে কঢ়িয়াই আনিছে এক ঐতিহাসিক তথা গৌৰৱময় ক্ষণ। নিজৰ কৰ্মনিষ্ঠা আৰু জনসাধাৰণৰ প্ৰতি থকা অপৰিসীম দায়বদ্ধতাৰ বাবে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ঢেকীয়াজুলিৰ জনপ্ৰিয় বিধায়ক অশোক সিংহললৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ ‘জিলাৰ শ্রেষ্ঠ বিধায়ক বঁটা’। সমষ্টিটোৰ সৰ্বাংগীণ উন্নয়ন, আধুনিক আন্তঃগাঁথনি নিৰ্মাণ আৰু ৰাইজৰ সুখ-দুখৰ সাৰথি হোৱাৰ স্বীকৃতিস্বৰূপে তেওঁক এই অনন্য সন্মানেৰে বিভূষিত কৰা হৈছে। অহা ১৯ ছেপ্টেম্বৰত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ অধিৱেশনত এক ভব্য অনুষ্ঠানৰ জৰিয়তে মন্ত্ৰীগৰাকীক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব।   
প্ৰাপ্ত খবৰ অনুসৰি, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত ৰাজ্যৰ বহু গণ্যমান্য ব্যক্তি, জ্যেষ্ঠ সাংবাদিক তথা সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত মন্ত্ৰী সিংহলক এই সন্মানেৰে বিভূষিত কৰা হ’ব। এগৰাকী সফল জনপ্ৰতিনিধি হিচাপে ঢেকীয়াজুলি সমষ্টিৰ শিক্ষা, স্বাস্থ্য, জলসিঞ্চন আৰু যাতায়াত ব্যৱস্থাৰ যি যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিলে, তাৰ বাবেই তেওঁক সৰ্বসন্মতিক্ৰমে এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি আয়োজক সমিতিয়ে সদৰী কৰিছে।   
সমষ্টিজুৰি আনন্দৰ জোৱাৰ: উষ্ম আদৰণি ৰাইজৰ
ইফালে, মন্ত্ৰী অশোক সিংহলে এই সন্মানীয় বঁটা লাভ কৰাৰ খবৰ প্ৰকাশ পোৱাৰ লগে লগে সমগ্ৰ ঢেকীয়াজুলি সমষ্টিৰ লগতে শোণিতপুৰ জিলাত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজ, বিভিন্ন দল-সংগঠন তথা শুভাকাংক্ষীসকলে মন্ত্ৰীগৰাকীক এই ঐতিহাসিক সফলতাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাইজে মত প্ৰকাশ কৰা অনুসৰি, এগৰাকী সঁচা কৰ্মযোগী আৰু দূৰদৰ্শী জননেতা হিচাপে অশোক সিংহলে লাভ কৰা এই স্বীকৃতিয়ে অনাগত দিনত সমষ্টিবাসীক বিকাশৰ এক নতুন শিখৰলৈ লৈ যাব।   

0 Comments