বিশ্ব মঞ্চত ইজিপ্তৰ কিশোৰীৰ চমক: কোৰআন আবৃত্তি কৰি আজুৰিলে ৮ কোটিতকৈও অধিক টকা

 বিশ্ব মঞ্চত ইজিপ্তৰ কিশোৰীৰ চমক: কোৰআন আবৃত্তি কৰি আজুৰিলে ৮ কোটিতকৈও অধিক টকা

বিশেষ প্ৰতিবেদক, ২৬ আগষ্ট:
বিশ্বৰ বুকুত পুনৰ জিলিকি উঠিল এগৰাকী ১৫ বছৰীয়া কিশোৰী। নিজৰ সুমধুৰ কণ্ঠ আৰু অসাধাৰণ প্ৰতিভাৰে সমগ্ৰ বিশ্বক চমকিত কৰিলে ইজিপ্তৰ জনা ইহাব ৰমদানে (Jana Ihab Ramadan)। ডুবাইত অলপতে অনুষ্ঠিত হৈ যোৱা ঐতিহ্যবাহী ২৮ সংখ্যক ডুবাই আন্তৰ্জাতিক পবিত্ৰ কোৰআন বঁটা (Dubai International Holy Quran Award) প্ৰতিযোগিতাত তেওঁ মহিলা শাখাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। এই ঐতিহাসিক বিশ্ব খিতাপ অৰ্জন কৰাৰ বাবে পুৰস্কাৰ হিচাপে কিশোৰীগৰাকীক ১ নিযুত ইউ.এছ. ডলাৰ প্ৰদান কৰা হয়। ভাৰতীয় মুদ্ৰাত এই ধনৰাশিৰ পৰিমাণ ৮ কোটি ৩০ লাখতকৈও অধিক টকা
১০৫খন দেশৰ ৫,০০০ প্ৰতিযোগীক পিছ পেলাই সফলতা
প্ৰাপ্ত তথ্য অনুসৰি, এই গোলকীয় মহোৎসৱত অংশগ্ৰহণৰ বাবে সমগ্ৰ বিশ্বৰে ১০৫খন দেশৰ পৰা প্ৰায় ৫,৬১৮ গৰাকী প্ৰতিযোগীয়ে আবেদন কৰিছিল। ইয়াৰে কেইবাটাও অতি জটিল আৰু কঠিন পৰ্যায় অতিক্ৰম কৰি মাত্ৰ ৬ গৰাকী প্ৰতিযোগীহে চূড়ান্ত ৰাউণ্ডৰ বাবে নিৰ্বাচিত হয়। বিচাৰকসকলৰ কঠোৰ মূল্যায়ন আৰু ৰাজহুৱা ভোটদানৰ (Public Voting) ভিত্তিত জনা ইহাবে সকলোকে পিছ পেলাই মহিলা শাখাত শীৰ্ষ স্থান লাভ কৰে। প্ৰতিযোগিতাখনত ইণ্ডোনেছিয়াৰ আইচাহ এআৰ ৰুমীয়ে দ্বিতীয় আৰু চিৰিয়াৰ চাৰা আব্দুল কৰিমে তৃতীয় স্থান লাভ কৰে।
আল-আজহাৰ শিক্ষানুষ্ঠানলৈ গৌৰৱ
জনা ইহাব ৰমদান ইজিপ্তৰ বিখ্যাত তথা আগশাৰীৰ ধৰ্মীয় শিক্ষানুষ্ঠান আল-আজহাৰ বিশ্ববিদ্যালয়ৰ (Al-Azhar University) এগৰাকী ছাত্ৰী। কিশোৰীগৰাকীৰ এই বিৰল কৃতিত্বই কেৱল তেওঁৰ নিজৰ দেশ ইজিপ্তৰে নহয়, বৰং সমগ্ৰ আল-আজহাৰ শৈক্ষিক সমাজৰ নাম আন্তৰ্জাতিক পৰ্যায়ত এক অনন্য উচ্চতালৈ লৈ গৈছে। ডুবাইৰ শাসক তথা সংযুক্ত আৰৱ আমিৰশ্বাহীৰ উপ-ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন ৰাছিদ আল মাকতুমে জনা ইহাবক এই সন্মানীয় বঁটা আৰু ধনৰাশি আনুষ্ঠানিকভাৱে প্ৰদান কৰে।
ছচিয়েল মিডিয়াত প্ৰশংসাৰ জোৱাৰ
সফলতা লাভ কৰাৰ পিছৰে পৰা কিশোৰীগৰাকীৰ কোৰআন আবৃত্তিৰ বিভিন্ন ভিডিঅ’ এতিয়া ইন্টাৰনেট তথা ছচিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ লোকে কম বয়সতে লাভ কৰা তেওঁৰ এই একাগ্ৰতা আৰু অসাধাৰণ সুমধুৰ কণ্ঠক ভূয়সী প্ৰশংসা কৰিছে। বহুতে ইয়াক যুৱ প্ৰজন্মৰ বাবে এক ডাঙৰ অনুপ্ৰেৰণা বুলি অভিহিত কৰিছে। এক সাক্ষাৎকাৰত জনাই জানিবলৈ দিয়ে যে তেওঁ ভৱিষ্যতে পবিত্ৰ কোৰআনৰ এগৰাকী শিক্ষয়িত্ৰী হৈ নতুন প্ৰজন্মক ইয়াৰ শিক্ষা আৰু পোহৰ বিলোৱাৰ সপোন দেখে।


0 Comments