অসমৰ স্বকীয় পৰিচয় সুৰক্ষিত কৰিবলৈ ইতিহাসৰ তথ্যভিত্তিক চৰ্চা আৰু গৱেষণা অপৰিহাৰ্য: সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ
বিশেষ বাৰ্তা, গুৱাহাটী, ২৬ আগষ্ট: অসমৰ ইতিহাস, সমাজ আৰু সমন্বয়ৰ পৰম্পৰাৰ সৈতে গভীৰভাৱে জড়িত দুগৰাকী ঐতিহাসিক ব্যক্তিত্ব ক্ৰমে আজান ফকীৰ আৰু বাঘ হাজৰিকাৰ অৱদানক লৈ বৰ্তমান সময়ত চলি থকা উদ্দেশ্যপ্ৰণোদিত অপপ্ৰচাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি নুৰুল হকে। অসমীয়া সমাজ-সংস্কৃতিত তেওঁলোকে আগবঢ়োৱা ভূমিকা কোনো কাৰণতে নস্যাৎ কৰিব নোৱাৰি বুলি উল্লেখ কৰি তেওঁ কয় যে, এটা চক্ৰই ৰাজনৈতিক আৰু সাম্প্ৰদায়িক দৃষ্টিভংগীৰে ইতিহাস বিকৃত কৰি এই মহান ব্যক্তিসকলৰ অৱদানক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা চলাইছে, যিটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।
এক প্ৰেছ বিবৃতিত সভাপতি নুৰুল হকে স্পষ্ট কৰি দিয়ে যে, অসমৰ ইতিহাস কেৱল এটা জাতি, ধৰ্ম বা সম্প্ৰদায়ৰ ইতিহাস নহয়। যুগ যুগ ধৰি বিভিন্ন জনগোষ্ঠী, ধৰ্ম আৰু সম্প্ৰদায়ৰ লোকৰ ত্যাগ, অৱদান আৰু পাৰস্পৰিক সম্প্ৰীতিৰ মাজেৰেই অসমৰ স্বকীয় পৰিচয় গঢ় লৈ উঠিছে। ১৭ শতিকাৰ মহান চুফী সাধক আজান ফকীৰে তেওঁৰ কালজয়ী জিকিৰ আৰু জাৰীসমূহৰ জৰিয়তে অসমৰ বুকুত আধ্যাত্মিকতা, মানৱতা আৰু সামাজিক সম্প্ৰীতিৰ বাৰ্তা প্ৰচাৰ কৰিছিল। একেদৰে, বীৰ বাঘ হাজৰিকাৰ নামো অসমৰ ইতিহাসত চিৰকালৰ বাবে ঐক্য, সাহস, দেশপ্ৰেম আৰু মাতৃভূমি সুৰক্ষাৰ এক অনবদ্য প্ৰতীক হিচাপে জড়িত হৈ আছে।
ইতিহাসক লৈ ভিন্ন মতভেদ বা তথ্য-প্ৰমাণৰ ভিত্তিত শৈক্ষিক বিতৰ্ক থাকিব পাৰে বুলি স্বীকাৰ কৰি জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে, গৱেষণাৰ নামত কোনো ঐতিহাসিক ব্যক্তিত্বক সম্পূৰ্ণৰূপে নস্যাৎ কৰিবলৈ অপপ্ৰচাৰ চলোৱাটো এক সুস্থ সমাজৰ লক্ষণ হ'ব নোৱাৰে। ইতিহাসক সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত বিকৃত কৰাৰ পৰিৱৰ্তে ইয়াক সদায় নিৰপেক্ষভাৱে অধ্যয়ন আৰু গৱেষণা কৰাৰ প্ৰয়োজন।
শেষত, সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা সভাপতি হকে অসমৰ ইতিহাসপ্ৰেমী ৰাইজ, বুদ্ধিজীৱী, গৱেষক আৰু সচেতন নাগৰিকসকলক একগোট হ’বলৈ আহ্বান জনায়। তেওঁ জোৰ দি কয় যে, আজান ফকীৰ আৰু বাঘ হাজৰিকাৰ দৰে ঐতিহাসিক ব্যক্তিসকলৰ অৱদানক লৈ চৰকাৰী তথা শৈক্ষিক পৰ্যায়ত আৰু অধিক গভীৰ গৱেষণা হোৱাটো প্ৰয়োজন। ইয়াৰ জৰিয়তে নতুন প্ৰজন্মক সত্য ইতিহাসৰ সৈতে পৰিচয় কৰাই দিব লাগিব যাতে কোনো চক্ৰই ইতিহাসক নিজৰ স্বাৰ্থত বিকৃত কৰাৰ সুযোগ নাপায়। তেওঁ দৃঢ়তাৰে ঘোষণা কৰে, “অসমৰ ইতিহাসক নস্যাৎ নহয়, সংৰক্ষণ কৰিব লাগিব। আজান ফকীৰ আৰু বাঘ হাজৰিকাৰ অৱদানক লৈ অপপ্ৰচাৰ নহয়, তথ্যভিত্তিক চৰ্চা আৰু গৱেষণাৰহে বৰ্তমান আটাইতকৈ বেছি প্ৰয়োজন।
0 Comments