দুঃসংবাদ: জীৱন নাট সামৰিলে বিদেশী বিতাড়ন আন্দোলনৰ বলিষ্ঠ ছাত্ৰ নেতা ভাস্কৰ শইকীয়াই

ডিজিটেল ডেস্ক, ২৩ আগষ্ট: অসমৰ জাতীয় জীৱনৰ বাবে এক অত্যন্ত দুখৰ খবৰ। জীৱন নাট সামৰি অৱশেষত মেলানি মাগিলে বিদেশী বিতাড়ন আন্দোলনৰ নগাঁৱৰ বলিষ্ঠ সংগ্ৰামী ছাত্ৰ নেতা ভাস্কৰ শইকীয়াই। গুৱাহাটীৰ দিছপুৰস্থিত জিএনআৰচি (GNRC) হাস্পতালত চিকিৎসাধীন অৱস্থাতে নিশা প্ৰায় ১২:৩০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। শইকীয়াৰ এই আকস্মিক বিয়োগৰ খবৰে সমগ্ৰ নগাঁও জিলাৰ লগতে ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে। 
মৃত্যুৰ পূৰ্বে তেওঁ ইহসংসাৰত ভাতৃ, শিক্ষয়িত্ৰী পত্নী আৰু এজন পুত্ৰ তথা এজনী কন্যাক এৰি থৈ যায়। চিকিৎসালয়ৰ যাৱতীয় চৰকাৰী আৰু চিকিৎসা সম্পৰ্কীয় প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতে তেওঁৰ নশ্বৰ দেহ শেষ কৃত্যৰ বাবে জন্মভূমি নগাঁৱলৈ লৈ যোৱা হ’ব বুলি পৰিয়ালৰ সূত্ৰে জনা গৈছে।
চাহ খাই থকা অৱস্থাতে হঠাতে অসুস্থতা
প্ৰাপ্ত তথ্য মতে, যোৱা ১৫ আগষ্টৰ পুৱা পত্নীৰ সৈতে স্বাভাৱিকভাৱে চাহ খাই থকা অৱস্থাতে হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে ছাত্ৰ নেতাগৰাকী। পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেওঁক ধিং ৰেফাৰেল হাস্পতাললৈ লৈ যায়। তাত প্ৰাথমিক চিকিৎসা কৰোৱাৰ পিছতে চিকিৎসকে জানিব পাৰে যে শইকীয়াৰ মগজুত হোৱা ৰক্তক্ষৰণৰ (Brain Stroke) পৰিমাণ আশংকাজনকভাৱে বৃদ্ধি পাইছে। ফলত উন্নত চিকিৎসাৰ বাবে তেওঁক জৰুৰীভাৱে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।
চিকিৎসালয়ত জৰুৰী পৰীক্ষা আৰু ICU-ত ভৰ্তি
ভাতৃ, পত্নী আৰু সন্তানসকলে তেওঁক লগে লগে গুৱাহাটীৰ দিছপুৰ GNRC-ত ভৰ্তি কৰোৱায়। চিকিৎসালয়খনত পলম নকৰি জৰুৰী ভিত্তিত তেওঁৰ চিটি স্কেন (CT Scan), এনজিঅ'গ্ৰাফী, ইচিজি (ECG) আৰু ইকো (ECHO) আদি সকলো গুৰুত্বপূৰ্ণ পৰীক্ষা সম্পন্ন কৰা হয়। পৰিস্থিতিৰ অৱনতি দেখিবলৈ পাই সেইদিনা অৰ্থাৎ ১৫ আগষ্টৰ বিয়লিয়েই তেওঁক আইচিইউত (ICU) ভৰ্তি কৰোৱা হৈছিল।
ব্যৰ্থ হ’ল মগজুৰ অস্ত্ৰোপচাৰৰ পৰিকল্পনা
১৬ আগষ্টৰ দিনা শইকীয়াৰ স্বাস্থ্যৰ সামান্য উন্নতি পৰিলক্ষিত হৈছিল যদিও ১৭ আগষ্টত পুনৰ তেওঁৰ স্বাস্থ্যৰ চৰম অৱনতি ঘটে। অত্যধিক ৰক্তক্ষৰণৰ ফলত মগজুৰ বাওঁফাল সম্পূৰ্ণৰূপে তেজেৰে ভৰি পৰে। চিকিৎসকে মগজুৰ জৰুৰী অস্ত্ৰোপচাৰৰ (Brain Surgery) পৰিকল্পনা কৰিছিল যদিও স্বাস্থ্যৰ জটিলতা আৰু সংকটজনক অৱস্থাৰ বাবে শেষ মুহূৰ্তত তাক স্থগিত ৰাখিবলৈ বাধ্য হয়।
কেইবাদিনো ধৰি চিকিৎসালয়ৰ বিছনাত জীৱন আৰু মৃত্যুৰ সৈতে তীব্ৰ যুঁজ দি অৱশেষত হাৰ মানিলে অসমৰ সংগ্ৰামী ইতিহাসৰ এজন আপোচহীন নেতাই। তেওঁৰ মৃত্যুত অসমৰ বিভিন্ন দল-সংগঠন, বুদ্ধিজীৱী আৰু গুণমুগ্ধই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।



0 Comments