অভাৱক নেওচি সফলতা: কোচিং অবিহনেই হিন্দী মাধ্যমত পঢ়ি IAS হ’ল সুৰক্ষা কৰ্মীৰ কন্যা অংকিতা

 অভাৱক নেওচি সফলতা: কোচিং অবিহনেই হিন্দী মাধ্যমত পঢ়ি IAS হ’ল সুৰক্ষা কৰ্মীৰ কন্যা অংকিতা

বিশেষ প্ৰতিবেদন, ২৬ আগষ্ট:
দৃঢ় ইচ্ছাশক্তি, কঠোৰ পৰিশ্ৰম আৰু লক্ষ্যৰ প্ৰতি একাগ্ৰতা থাকিলে যে দৰিদ্ৰতাই কেতিয়াও সপোন পূৰণৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে, তাক পুনৰবাৰ প্ৰমাণ কৰিলে উত্তৰাখণ্ডৰ এগৰাকী অসমান্য যুৱতীয়ে। কোনো ধৰণৰ বিলাসী কোচিং প্ৰতিষ্ঠানৰ সহায় নোলোৱাকৈ, কেৱল হিন্দী মাধ্যমত পঢ়িয়েই দেশৰ আটাইতকৈ কঠিন অসামৰিক সেৱা পৰীক্ষাত (UPSC) ১৩৭ নং স্থান লাভ কৰি IAS বিষয়া হিচাপে নিৰ্বাচিত হৈছে অংকিতা কান্তি। এগৰাকী সাধাৰণ সুৰক্ষা কৰ্মীৰ কন্যাৰ এই অভূতপূৰ্ব সফলতাই সমগ্ৰ দেশতে এক অনুপ্ৰেৰণাৰ সৃষ্টি কৰিছে।
কঠোৰ সংগ্ৰাম আৰু মেধাৰ পৰিচয়:
উত্তৰাখণ্ডৰ চামোলি জিলাৰ এক অতি সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ সন্তান অংকিতা কান্তি। তেওঁৰ পিতৃ দেৱেশ্বৰ কান্তি পেচাত এজন ব্যক্তিগত প্ৰতিষ্ঠানৰ সুৰক্ষা কৰ্মী (Security Guard), যি বেংকৰ কেচ ভেনত টকা কঢ়িওৱা আৰু নিৰাপত্তা দিয়াৰ কামত নিয়োজিত। পৰিয়ালৰ আৰ্থিক অৱস্থা অত্যন্ত সীমাবদ্ধ আছিল যদিও, পিতৃয়ে নিজৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত অভাৱৰ ছাঁ পৰিবলৈ দিয়া নাছিল।
অংকিতা সৰুৰে পৰাই পঢ়া-শুনাত অত্যন্ত মেধাৱী আছিল। তেওঁ ‘দুন মডাৰ্ন স্কুল’ৰ পৰা ৯২.৪০% নম্বৰেৰে দশম শ্ৰেণী আৰু ২০১৮ চনত ‘সঞ্জয় পাব্লিক স্কুল’ৰ পৰা ৯৬.৪% নম্বৰেৰে সমগ্ৰ উত্তৰাখণ্ড ৰাজ্যৰ ভিতৰতে দ্বাদশ শ্ৰেণীত চতুৰ্থ স্থান দখল কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল। ইয়াৰ পিছত তেওঁ পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ (M.Sc Physics) ডিগ্ৰী লাভ কৰে।
কোচিং অবিহনেই হিন্দী মাধ্যমত সফলতা:
বৰ্তমান সময়ত য’ত লাখ লাখ টকা খৰচ কৰি ডাঙৰ ডাঙৰ মহানগৰীৰ কোচিং ইণষ্টিটিউটত নাম ভৰ্তি কৰিও বহুতে UPSC পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰে, তাত অংকিতাই কোনো ধৰণৰ কোচিং ক্লাছৰ সহায় লোৱা নাছিল। তেওঁ সম্পূৰ্ণৰূপে ‘চেল্ফ ষ্টাডী’ বা নিজে পঢ়িয়েই এই সফলতা অৰ্জন কৰে। আটাইতকৈ উল্লেখনীয় কথাটো হ’ল, ইংৰাজী মাধ্যমৰ প্ৰভাৱ থকা এই পৰীক্ষাত তেওঁ নিজৰ প্ৰিয় ‘হিন্দী মাধ্যম’ বাছনি কৰিছিল আৰু হিন্দী মাধ্যমৰ পৰীক্ষাৰ্থীসকলৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়।
পৰিয়াললৈ নামি আহিছে আনন্দৰ বন্যা:
অংকিতাৰ এই ঐতিহাসিক সফলতাত বৰ্তমান ডেৰাডুনত থকা তেওঁলোকৰ ঘৰখনত এতিয়া আনন্দৰ সীমা নাই। পিতৃ দেৱেশ্বৰ কান্তিয়ে অত্যন্ত আৱেগিক হৈ জানিবলৈ দিয়ে যে তেওঁৰ বহু বছৰীয়া কষ্ট আজি সাৰ্থক হ’ল। অংকিতাৰ এই যাত্ৰাই কেৱল তেওঁৰে নহয়, বৰং তেওঁৰ ভগ্নীসকলকো অনুপ্ৰাণিত কৰিছে। অংকিতাৰ সৰু ভগ্নী অঞ্জলীয়ে অলপতে বেংকৰ চাকৰি লাভ কৰিছে আৰু আটাইতকৈ সৰু ভগ্নী অনুষ্কায়ো বাইদেউৰ পথ অনুসৰণ কৰি বৰ্তমান UPSC-ৰ বাবে প্ৰস্তুতি চলাইছে।
অংকিতা কান্তিৰ এই সফলতাই আজিৰ প্ৰতিজন যুৱক-যুৱতীৰ বাবে এক ডাঙৰ বাৰ্তা কঢ়িয়াই আনিছে যে— সপোন দেখিবলৈ আৰু তাক বাস্তৱায়িত কৰিবলৈ ধন-সম্পত্তি বা কোনো ডাঙৰ মাধ্যমৰ প্ৰয়োজন নাই, বুকুত কেৱল অদম্য হেঁপাহ আৰু কঠোৰ পৰিশ্ৰম কৰাৰ মানসিকতা থাকিলেই হ’ল।

0 Comments