চৰ্তসাপেক্ষে ৩০ দিনৰ পেৰল মঞ্জুৰ: এমাছৰ বাবে মুকলি আকাশৰ তললৈ NDFBৰ প্ৰাক্তন মুৰব্বী ৰঞ্জন দৈমাৰী

 চৰ্তসাপেক্ষে ৩০ দিনৰ পেৰল মঞ্জুৰ: এমাছৰ বাবে মুকলি আকাশৰ তললৈ NDFBৰ প্ৰাক্তন মুৰব্বী ৰঞ্জন দৈমাৰী

বিশেষ প্ৰতিনিধি, ওদালগুৰি/গুৱাহাটী:
কাৰাগাৰৰ বন্ধ প্ৰাচীৰ ফালি অৱশেষত এমাছৰ বাবে মুকলি আকাশৰ তললৈ আহিছে নিষিদ্ধ ঘোষিত সংগঠন এনডিএফবি (NDFB) ৰ প্ৰাক্তন মুৰব্বী তথা ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ মূল দোষী ৰঞ্জন দৈমাৰী। গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰ্তসাপেক্ষে ৩০ দিনৰ বাবে পেৰল মঞ্জুৰ কৰাৰ পিছতে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা সম্পূৰ্ণ আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজত ওদালগুৰিৰ অম্বাগাঁৱত থকা নিজ বাসগৃহত উপস্থিত হয় বিদ্ৰোহী নেতাগৰাকী। তেওঁৰ এই সাময়িক মুক্তিয়ে বৰ্তমান সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য আৰু মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
২০০৮ৰ ক’লা দিন আৰু যাৱজ্জীৱন কাৰাদণ্ড:
উল্লেখ্য যে, ২০০৮ চনৰ ৩০ অক্টোবৰ তাৰিখে গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ, ফাঁচীবজাৰৰ লগতে কেইবাখনো জিলাত এক যোগসূত্ৰকাৰী ধাৰাবাহিক বোমা বিস্ফোৰণ সংঘটিত হৈছিল। এই ভয়াৱহ আৰু নৰকসদৃশ বিস্ফোৰণত থিতাতে ৮৮ গৰাকী নিৰীহ লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে পাঁচ শতাধিক লোক চিৰদিনৰ বাবে পংগু হৈ পৰিছিল। সমগ্ৰ দেশক জোকাৰি যোৱা এই জঘন্য কাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী হিচাপে দীৰ্ঘদিন ধৰি আইনী প্ৰক্ৰিয়া চলাৰ পিছত ২০১৯ চনত চিবিআই (CBI)ৰ বিশেষ আদালতে ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। পৰৱৰ্তী সময়ত ২০২২ চনত গুৱাহাটী উচ্চ ন্যায়ালয়েও এই ঐতিহাসিক ৰায় বাহাল ৰাখিছিল।
পৰিয়ালৰ মাজত আৱেগিক পৰিৱেশ, হাতত বন্দুকৰ সলনি গীটাৰ:
দীৰ্ঘ বছৰ ধৰি বন্দী জীৱন কটোৱাৰ পিছত ঘৰলৈ অহাৰ লগে লগে ওদালগুৰিৰ বাসগৃহত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয়। দৈমাৰীক আদৰিবলৈ তেওঁৰ পৰিয়ালৰ লোকৰ উপৰি অগণন সমৰ্থক আৰু স্থানীয় ৰাইজ বাসগৃহত সমবেত হয়। ইফালে, ঘৰত উপস্থিত হৈয়েই এক ব্যতিক্ৰমী ৰূপত ধৰা দিছে প্ৰাক্তন উগ্ৰপন্থী মুৰব্বীগৰাকীয়ে। এসময়ত যাৰ নিৰ্দেশত হাতত বন্দুক তুলি লৈছিল শ শ যুৱকে, তেৱেই এতিয়া নিজ চোতালত বহি হাতত তুলি লৈছে গীটাৰ। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা তেওঁৰ গীটাৰ বজোৱাৰ দৃশ্যই বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে।
ভুক্তভোগী পৰিয়ালৰ মাজত তীব্ৰ অসন্তুষ্টি আৰু মিশ্ৰিত প্ৰতিক্ৰিয়া:
ৰঞ্জন দৈমাৰীৰ এনে সাময়িক মুক্তিয়ে বড়োলেণ্ডৰ একাংশ সমৰ্থকৰ মাজত উল্লাসৰ সৃষ্টি কৰিছে যদিও ৩০ অক্টোবৰৰ ব্লাষ্টত সৰ্বস্ব হেৰুওৱা নিৰীহ পৰিয়ালসমূহৰ মাজত ইয়াৰ তীব্ৰ বিৰূপ প্ৰতিক্ৰিয়া দেখা গৈছে। ভুক্তভোগী পৰিয়ালসমূৰ একাংশই ক্ষোভ প্ৰকাশ কৰি কয় যে, যিজন ব্যক্তিৰ বাবে তেওঁলোকে আজিও বুকুত একো একোটা দ দ ঘাঁ লৈ কান্দি কান্দি জীয়াই থাকিবলগীয়া হৈছে, সেইজন দোষীক এনেদৰে মুকলি কৰি দিয়াটো অতিশয় দুৰ্ভাগ্যজনক। সচেতন মহলৰ মাজতো এয়া এক চৰ্চাৰ বিষয় হৈ পৰিছে।
কঠোৰ চৰ্ত আৰোপ আদালতৰ:
পেৰলৰ নিয়মানুসাৰে এই ৩০ দিনৰ সময়ছোৱাত ৰঞ্জন দৈমাৰীয়ে সম্পূৰ্ণভাৱে আইন-শৃংখলা ৰক্ষা কৰি চলিব লাগিব। তেওঁ কোনো ধৰণৰ উচতনিমূলক মন্তব্য বা ৰাজহুৱা সভা-সমিতিত অংশগ্ৰহণ কৰিব নোৱাৰিব। লগতে তেওঁৰ গতি-বিধিৰ ওপৰতো আৰক্ষীয়ে তীব্ৰ নজৰ ৰাখিব। ৩০ দিনৰ এই ম্যাদ উকলি যোৱাৰ পিছতেই তেওঁ পুনৰ আইনৰ ওচৰত শৰণাপন্ন হৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত হাজিৰ হ’ব লাগিব।


0 Comments