হাইলাকান্দিত STFৰ বৃহৎ সফলতা: পাকিস্তান মদদপুষ্ট জেহাদী সংগঠনৰ সৈতে জড়িত যুৱক গ্ৰেপ্তাৰ

 হাইলাকান্দিত STFৰ বৃহৎ সফলতা: পাকিস্তান মদদপুষ্ট জেহাদী সংগঠনৰ সৈতে জড়িত যুৱক গ্ৰেপ্তাৰ

বিশেষ প্ৰতিনিধি, হাইলাকান্দি:
ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে নেকি পাকিস্তানী মদদপুষ্ট সন্ত্ৰাসবাদীৰ নেটৱৰ্ক? অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চ চমুকৈ STF-এ বৰাক উপত্যকাৰ হাইলাকান্ধিত এক অতৰ্কিত অভিযান চলাই পাকিস্তান সমৰ্থিত জেহাদী সংগঠনৰ সৈতে পোনপটীয়া সম্পৰ্ক থকা এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত যুৱকজনক ফজল ইছলাম বৰভূঞা বুলি চিনাক্ত কৰা হৈছে। এই গ্ৰেপ্তাৰৰ ঘটনাই বৰ্তমান সমগ্ৰ বৰাক উপত্যকাৰ লগতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
পাকিস্তান ভিত্তিক কুখ্যাত ‘চাহজ্জাদ ভাট্টী নেটৱৰ্ক’ৰ সৈতে আছিল যোগাযোগ:
গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানৰ সন্দৰ্ভত নিৰাপত্তা সংস্থাই সদৰী কৰা অনুসৰি, ধৃত ফজল ইছলাম বৰভূঞা পাকিস্তানৰ পৰা পৰিচালিত ‘পাকিস্তান বেচ চাহজ্জাদ ভাট্টী নেটৱৰ্ক’ (Shahzad Bhatti Network) নামৰ এক ভয়ংকৰ জেহাদী সংগঠনৰ সৈতে দীৰ্ঘদিন ধৰি সক্ৰিয়ভাৱে জড়িত আছিল। ছচিয়েল মিডিয়া আৰু বিভিন্ন এনক্ৰিপ্টেড মেছেজিং এপৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা অহা নিৰ্দেশনা অনুসৰি ফজলে কাম কৰি আছিল বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে।
যুৱক-যুৱতীসকলক মগজু ধোলাই (Brainwash) কৰাৰ অভিযোগ:
অভিযোগ অনুসৰি, এই পাকিস্তানী জেহাদী নেটৱৰ্কটোৱে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত নিজৰ কুখ্যাত মতাদৰ্শ প্ৰচাৰ কৰাৰ বাবে ফজলক ব্যৱহাৰ কৰিছিল। স্থানীয় একাংশ যুৱক-যুৱতীক ধৰ্মীয় উগ্ৰবাদৰ প্ৰতি আকৰ্ষিত কৰা আৰু তেওঁলোকক মগজু ধোলাই কৰি এই নেটৱৰ্কত অন্তৰ্ভুক্ত কৰাৰ গুৰুত্বপূৰ্ণ দায়িত্বত আছিল ফজল। তদন্তকাৰী সংস্থাই সন্দেহ কৰিছে যে ভাৰতৰ অভ্যন্তৰত কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ বাবেও এই গোটটোৱে এক ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছিল।
মাৰাথান জেৰা আৰু পৰৱৰ্তী তদন্ত:
ফজল ইছলাম বৰভূঞাৰ এই গ্ৰেপ্তাৰে ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থাৰ সমুখত এক ডাঙৰ প্ৰত্যাহ্বান থিয় কৰাইছে। ইয়াৰ পূৰ্বেও অসমত আল-কায়দা (AQIS) আৰু আনসুৰুল্লা বাংলা টিম (ABT) ৰ মডিউল উৎখাত কৰা হৈছিল। কিন্তু এইবাৰ পোনপটীয়া পাকিস্তানী সংযোগ থকা গোটৰ সক্ৰিয়তাই বিষয়টোক অধিক স্পৰ্শকাতৰ কৰি তুলিছে। ধৃত ফজলৰ পৰা কেইবাটাও সন্দেহজনক নথিপত্ৰ, ম’বাইল আৰু ইলেকট্ৰনিক সঁজুলি জব্দ কৰা হৈছে। বৰ্তমান আৰক্ষী আৰু STFৰ উচ্চপদস্থ বিষয়াই ফজলক এক গোপন স্থানত মাৰাথান জেৰা চলাই আছে যাতে এই নেটৱৰ্কৰ সৈতে অসমৰ আন কোন কোন লোক জড়িত আছে, তাৰ সম্পূৰ্ণ তথ্য উলিয়াব পৰা যায়।



0 Comments