তেজপুৰত পাৰিবাৰিক কন্দলৰ নৃশংস পৰিণতি: পাষাণ পুত্ৰৰ লাঠীৰ কোবত প্ৰাণ গ’ল দুৰ্ভগীয়া মাতৃৰ, হত্যাকাৰী কৰায়ত্ত

বিশেষ প্ৰতিবেদক, তেজপুৰ: তেজপুৰ সমষ্টিৰ অন্তৰ্গত পুঠিমাৰীৰ গাভৰু খেলমাটি অঞ্চলত বুধবাৰে এক মৰ্মান্তিক তথা নৃশংস হত্যাকাণ্ড সংঘটিত হয়। পাৰিবাৰিক কন্দলৰ ভয়াৱহ পৰিণতি স্বৰূপে এজন জন্মদাত্ৰী মাতৃক নিজ পুত্ৰই পিটি পিটি হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিহত দুৰ্ভগীয়া মাতৃগৰাকীক নিজৰা বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। 
প্ৰাপ্ত তথ্য মতে, বুধবাৰে সন্ধিয়া অভিযুক্ত পুত্ৰ কেবুল বসুমতাৰীয়ে কোনো কথাক কেন্দ্ৰ কৰি নিজ পিতৃৰ সৈতে এক তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হৈছিল। পিতা-পুত্ৰৰ মাজৰ এই কন্দল ক্ৰমান্বয়ে উগ্ৰ ৰূপ ধাৰণ কৰাত মাতৃ নিজৰা বসুমতাৰীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু তেওঁলোকক এৰুৱাবলৈ মাজত সোমাই পৰে। কিন্তু খঙত একো নাই হোৱা পাষাণ পুত্ৰ কেবুল বসুমতাৰীয়ে হিতাহিত জ্ঞান হেৰুৱাই ওচৰতে থকা এটা গধুৰ কাঠৰ বাটামেৰে মাতৃৰ মূৰত আৰু শৰীৰত ধাৰাবাহিকভাৱে উপৰ্যুপৰি প্ৰহাৰ কৰে।
পুত্ৰৰ এই মৰ্মান্তিক আক্ৰমণৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ তেজ থকা-সৰকা অৱস্থাত মাতৃ নিজৰা বসুমতাৰীয়ে থিতাতে প্ৰাণ হেৰুৱায়। ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলটোত কান্দোনৰ ৰোল উঠে আৰু স্থানীয় ৰাইজে তাৎক্ষণিকভাৱে আৰক্ষীক খবৰ দিয়ে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে তেজপুৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰি হত্যাকাৰী পুত্ৰ কেবুল বসুমতাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। ধৃত মাতৃহন্তা পুত্ৰজনৰ বিৰুদ্ধে আৰক্ষীয়ে এক হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাৰ এক গভীৰ তদন্ত আৰম্ভ কৰিছে।

0 Comments